অন্ধকাৰ যুগ কেতিয়া হৈছিল?

Q. অন্ধকাৰ যুগ কেতিয়া হৈছিল?
A. অন্ধকাৰ যুগ: মধ্যযুগৰ চতুৰ্থ পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকা লৈকে প্ৰথম চোৱা সময়ক সাধাৰণ ভাবে অন্ধকাৰ যুগ বুলি কোৱা হয়। 

আনহাতে ইউৰোপৰ ইতিহাসত পঞ্চম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ সময় খিনি অন্ধকাৰ যুগ বুলি ধৰা হয়।

বাখ্যা: সেই সময়ত ইউৰোপত পোপ আৰু আন ধৰ্মগুৰু সকল অতি ক্ষমতাশালী হৈ উঠাত লিখা-পঢ়া, সাহিত্য-চর্চা সকলো ধৰ্ম কেন্দ্ৰিক হৈ পৰিছিল। নতুন ধ্যান ধাৰণাৰ চৰ্চাও প্ৰকৃতপক্ষে বন্ধ কৰিছিল।  আনকি ধৰ্মীয় শাস্ত্ৰ, বিধান স্বীকৃত দৰ্শন বিজ্ঞানৰ তত্ত্ব বাখ্যাৰ বাহিৰে আন তত্ত্ব আৰু বিদ্যাৰ চৰ্চা ধৰ্ম তথা ৰাষ্ট্ৰ বিৰোধী বুলি ধৰা হৈছিল।  শিল্প-সাহিত্য-চিত্ৰকলাৰ চর্চা ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ পৰিছিল। যাৰ ফলশ্ৰুতিত শিল্প-কলা-সাহিত্য সকলো প্ৰাণহীন হৈ পৰিছিল। সেইবাবে মধ্যযুগৰ প্ৰথমভাগক অন্ধকাৰ যুগ বুলি কোৱা হয়।
Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.